শ্যাম কানু দূৰ হৈ নাযাবা
সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা।
ঐ ৰাম, নন্দৰ ঘৰত যদু তুমি আছিলা যে সৰু
পঞ্চ বয়সতে তুমি ৰখাইছিলা গৰু।
ঐ ৰাম, নন্দেৰ দুলাল বাচা তুমি নন্দেৰ দুলাল
এত ৰাত্ৰি গৰু চাৰে কাৰে ছৱাল।
ঐ ৰাম, লোকৰ বাচা ডাঙৰ দীঘল মোৰে বাচা সৰু
সিংহ ব্যাঘ্র লগে চৰে তাতে চাৰে গৰু।
ঐ ৰাম, আগে ধেনু পাছে ধেনু মুখে বংশী বায়
বন পুষ্প মালা পিন্ধি গো ধেনু চৰায়।
ঐ ৰাম, বালিকো ছলিলা প্রভু কংসকো বধিলা
চন্দ্ৰাৱলী ৰাতিতে গোপীকো কেলিলা।
ঐ ৰাম, সেন্দুৰৰে জকেমকে কাজলৰে ৰেখা
বিজুলী চমকে আহি কৃষ্ণই দিলে দেখা।
ঐ ৰাম, বৃন্দাবন মাজে প্রভু আছিলা লুকাই
কালে গতি কান্দি দিলে বিচাৰি নেপায়।
(কামৰূপী লোকগীত)
