ৰাধে ক’লা নুবুলিবি মোক

অ’ ৰাধে, – ক’লা নুবুলিবি মোক
কোনো দিনে কোনো কথা বোলা নাই তোক।

ক’লা ক’লা নুবুলিবি গোৱালৰে জী
বিধিয়ে কৰিছে ক’লা মইনো কৰিম কি?

ক’লা ক’লা তুলসী ক’লা ক’লা পাত
মাও ক’লা বাপও ক’লা ক’লীযাৰে জাত।

গজ ভাল ক’লা ৰাধে তাতও মুক্তা জ্বলে
ক’লা বগাই মিল ৰাধে আন একো নিমিলে।

ৰাতিৰ আকাশ ক’লা তাতও চিকুণ তাৰা জ্বলে
জ্ঞানৰ চকু মুদি কোনে আকাশ বেয়া বোলে।

(কামৰূপী লোকগীত)

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top