Bhupenda: A Short Biography

ড° ভূপেন হাজৰিকা

(১৯২৬-২০১১)

ড° ভূপেন হাজৰিকা

“অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম।
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম।”

সুধাকন্ঠ ড° ভূপেন হাজৰিকা অসমৰ এক কিংবদন্তি সংগীতজ্ঞ, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, সাংস্কৃতিক কৰ্মী। তেখেত‌ আছিল স্বপ্রতিভাৰে সমুজ্জ্বল এগৰাকী শিল্পী যাৰ সংগীত আৰু কলাত্মক প্ৰতিভাই অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিছে। ভূপেন হাজৰিকাই অসমীয়া সংগীতৰ জগতখনক এক নতুন দিশ দিছিল তেখেতৰ আছিল দিগন্তপ্ৰসাৰী সৃষ্টিমূলক চেতনা। জনগোষ্ঠীয় সমন্বয়, ঐতিহ্যমুখী ধাৰণা, নৱপ্ৰজন্মৰ উত্তৰণ, স্বদেশানুৰাগৰ অনুভৱ আৰু মানুহক এক শৈল্পিক মনৰ গৰাকী কৰি তুলিবলৈ তেওঁ সংগীতৰ মাজেৰে নিৰলস প্রয়াস চলাই গৈছিল। তেখেতৰ গীতসমূহৰ মাজেৰে ফুঁটি উঠিছিল মানৱতাবাদ, সমাজবাদ, আৰু প্ৰকৃতি প্ৰেমৰ কথা ।
এই মহান শিল্পীগৰাকীৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰৰ দিনা শদিয়াৰ বলুংগাঁৱত। তেখেতৰ পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ আছিল শান্তিপ্ৰিয়া হাজৰিকা আৰু ভূপেন হাজৰিকাদেৱ আছিল ঘৰৰ জ্যেষ্ঠ সন্তান। তেখেতৰ ঘৰখনত সৰুৰে পৰাই এক সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰিছিল।

শিক্ষা জীৱন

ভূপেন হাজৰিকাৰ প্ৰাৰম্ভিক শিক্ষা গুৱাহাটীৰ বালিগাঁৱত হৈছিল। পিছত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯৫২ চনত “Proposals for Preparing India’s Basic Education to use Audio-Visual Techniques in Adult Education” শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। তেওঁৰ শিক্ষাগত প্ৰতিভাই তেওঁৰ সংগীত আৰু সাহিত্যিক জীৱনকো সমৃদ্ধ কৰিছিল।

কৰ্মজীৱন

ড॰ ভূপেন হাজৰিকাদেৱে কিছুকাল বি. বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানেৰ সৈতে তেখেত জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধানসভাৰ সদস্য আছিল। নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ’, এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে যুঁজ দিছিল।তেখেতে কাৰ্যনিবাহ কৰা অন্য পদসমূহ হ’ল:
  • ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ এপেলেট বডী অৱ চেণ্ট্ৰেল বৰ্ড অৱ ফিল্ম চেঞ্চৰ্ছ, ভাৰত চৰকাৰৰ চেয়াৰমেন।
  • স্ক্ৰীপ্ট কমিটী অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া‌ৰ মেম্বাৰ ।
  • নেশ্যনেল লেভেল অন দ্য বৰ্ড অৱ ডাইৰেক্টৰ্ছ অৱ নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন, ভাৰত চৰকাৰৰ ডাইৰেক্টৰ ।
  • চিল্ড্ৰেঞ্চ ফিল্ম ছ’চাইটীৰ এক্‌জিকিউটীভ কাউনঞ্চিলৰ মেম্বাৰ ।
  • বৰ্ড অৱ ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্ট্‌ছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰৰ মেম্বাৰ ।
  • জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌ছ, ১৯৮৫-ৰ চেয়াৰমেন ।
  • জুৰী অৱ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড্‌‌ছৰ জুৰী মেম্বাৰ ।
  • ১৯৫৮-ৰ পৰা ১৯৯০-লৈকে কেইবাবাৰো পি চি যোশী কমিটীৰ মেম্বাৰ। এই কমিটী ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিছন কাৰ্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত ছফ্টৱেৰ প্ৰ’গ্ৰেমিঙত উৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল।
  • ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পলিচী মেকিং বডী, ভাৰত চৰকাৰৰ মেম্বাৰ ।

    সংগীত জগতলৈ অৱদান

    ভূপেন হাজৰিকাই অসমীয়া, বাংলা, হিন্দী আদি ভাষাত গীত ৰচনা তথা কন্ঠ নিগৰাইছিল‌ । “মানুষ মানুষেৰ জন্য”, “গংগা আমাৰ মা”, “দিল হুম হুম কৰে” ইত্যাদি গীতসমূহে তেখেতক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ গৈছিল । ইয়াৰোপৰি তেখেতৰ কন্ঠেৰে নিগৰিত লোকগীতসমূহৰ মাদকতাই আছিল সুকীয়া।
    সুধাকন্ঠৰ গীতৰ মাজেৰে প্ৰকাশ পাইছিল সমাজৰ বিভিন্ন সমস্যা, সৰ্বসাধাৰণৰ জীৱনযাত্ৰা, মানৱতা আৰু একতাৰ কথা ।গীতৰ মাজেৰে পৰিৱৰ্তনকামী চিন্তা-চেতনাৰ ঢৌ প্ৰৱাহিত কৰিব পৰা আৰু অসমীয়া জাতিক সকিয়াই থৈ যাব পৰা মহান দাৰ্শনিক আছিল ড° ভূপেন হাজৰিকা।

    চলচ্চিত্ৰ জগতলৈ অৱদান

    ভূপেন হাজৰিকাই সংগীতৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেখেতৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ “এৰা বাটৰ সুৰ(১৯৫৬)”, “মাহুত্‌ বন্ধু ৰে(১৯৫৮)”,”শকুন্তলা(১৯৬১)”, “প্ৰতিধ্বনি(১৯৬৪)” ইত্যাদিয়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ অনবদ্য অৱদান আগবঢ়াইছিল, দিছিল এক নতুন মাত্ৰা। তেখেতৰ চলচ্চিত্ৰসমূহত অসমৰ সংস্কৃতি, ইতিহাস আৰু লোককথাৰ প্ৰতিফলন ঘটিছিল।

    সামাজিক আৰু সাংস্কৃতিক কৰ্ম

    ভূপেন হাজৰিকা কেৱল সংগীতজ্ঞই নাছিল, আছিল এজন সমাজ সংস্কাৰকো। তেখেতৰ গীত আৰু কথাই সমাজৰ অসমতা, শোষণ আৰু বিভেদৰ বিৰুদ্ধে সোচ্চাৰ হৈছিল। হাজৰিকাদেৱে অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আজীৱন প্ৰচেষ্টা চলাই গৈছিল।

    পুৰস্কাৰ আৰু সন্মান

    সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱে বহু পুৰস্কাৰ আৰু সন্মান লাভ কৰিছিল। তেখেতক ১৯৭৫ চনত সংগীত নাটক একাডেমী বঁটা, ১৯৯২ চনত দাদাচাহেব ফাল্কে বঁটা, আৰু ২০১৯ চনত মৰোনোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নেৰে সন্মানিত কৰা হৈছিল। নিজৰ সৃষ্টিৰাজিৰ যোগেদি অসমীয়া সংস্কৃতি-সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসমীয়া জাতি তেখেতৰ ওচৰত চিৰঋণী ।

    মৃত্যু

    ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল ২০১১ চনৰ ৫ নৱেম্বৰত। তেখেতৰ মৃত্যুৱে অসমৰ সংগীত জগতখনক এক অপূৰণীয় ক্ষতি কৰিলে। পিছে তেখেতৰ গীত, কবিতা আৰু চলচ্চিত্ৰসমূহে তেখেতক আমাৰ মাজত সদায় জীয়াই ৰাখিছে আৰু ৰাখিব।

    চলচ্চিত্ৰসমূহ

    1. ইন্দ্ৰমালতী (১৯৩৯)
      ভূমিকা:শিশু শিল্পী ৰূপে অভিনয় আৰু কন্ঠদান
      টোকা: শিশু অৱস্থাতেই প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত কন্ঠদান কৰে “কাষতে কলচী লৈ” আৰু “বিশ্ব বিজয়ী নৱজোৱান” এই দুটি গীতত।
    2. ছিৰাজ (১৯৪৮)
      ভূমিকা: অভিনয়, গীতিকাৰ আৰু সংগীত পৰিচালনা
      টোকা: ‘অনিল’ চৰিত্ৰত অভিনয়। আৰু এই ছবিৰ সহকাৰী সংগীত পৰিচালক আৰু গীতিকাৰ আছিল ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য ।
    3. পিয়লি ফুকন (১৯৫৫)
      ভূমিকা: সংগীত পৰিচালক
      টোকা: চলচ্চিত্ৰখনৰ সংগীত পৰিচালক তথা গীতিকাৰ আছিল ড॰ ভূপেন হাজৰিকা। গীতসমূহত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু গুণদা দাসে। ছবিখনৰ গাঁৱৰে জীয়ৰী সপোন সুন্দৰী শীৰ্ষক গীতটো খুবেই সমাদৃত হৈছিল।
    4. এৰা বাটৰ সুৰ (১৯৫৬)
      ভূমিকা:মুখ্য পৰিচালক আৰু সংগীত পৰিচালনা
      টোকা: এইখন ড॰ ভূপেন হাজৰিকা পৰিচালিত প্ৰথম ছবি। ছবিৰ কাহিনী, সঙ্গীত আৰু গীত ৰচনাও হাজৰিকাদেৱৰেই আছিল।
    5. মাহুত্‌ বন্ধু ৰে(১৯৫৯)
      ভূমিকা:পৰিচালক
    6. শকুন্তলা (১৯৬১)
      ভূমিকা: সংগীত পৰিচালক
      টোকা: এই ছবিৰ সংগীতৰ বাবে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিস্থিত হৈছিল যিহেতু ছবিখনে ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিল।।
    7. প্ৰতিধ্বনি (১৯৬৪)
      ভূমিকা: পৰিচালনা,প্ৰযোজনা লগতে সংগীত
      টোকা: মেঘালয়ৰ খাচী লোক-কথাৰ ভেঁটিত নিৰ্মাণ কৰা হৈছিল এই বোলছবিখন ।১২ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰূপৰ পদক লাভ কৰাৰ উপৰিও ছবিখনে সেইটো সময়ৰ শ্ৰেষ্ঠ ১০০ খন ভাৰতীয় চিনেমাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
    8. Ka Swa Riti (খাচী)(১৯৬৪)
      ভূমিকা: পৰিচালনা,প্ৰযোজনা লগতে সংগীত
      টোকা:“প্ৰতিধ্বনি” ছবিখনক ভাষান্তৰ (Dubbing) কৰি খাচী ভাষাত “KAA SWA RITI” ৰূপে মুকলি কৰা হৈছিল।
    9. লাটি-ঘাটি (১৯৬৬)
      ভূমিকা: সংগীত পৰিচালক
    10. চিক্ মিক্ বিজুলী (১৯৬৯)
      ভূমিকা: সংগীত পৰিচালক
    11. ফৰ হুৱম দ্য সান শাইনছ (১৯৭৪) (ডকুমেণ্টৰী)
      ভূমিকা: পৰিচালক আৰু সংগীত পৰিচালক
      টোকা:১৯৭৪ চনত ভূপেন হাজৰিকাদেৱে অৰুণাচলৰ জনজাতীয় লোকগীত আৰু নৃত্যৰ ওপৰত এই তথ্যচিত্ৰখন পৰিচালনা কৰে। ১৯৭৭ চনত অৰুণাচল প্ৰদেশ চৰকাৰে চিনেমা আৰু সংগীতৰ জৰিয়তে জনজাতীয় কল্যাণ আৰু সংস্কৃতিৰ দিশত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁক সোণৰ পদক প্ৰদান কৰে।
    12. চামেলী মেমচাহাব (১৯৭৫)
      ভূমিকা: সংগীত পৰিচালক
      টোকা:১৯৭৫ চনত এই চলচ্চিত্ৰখনৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
    13. মেৰা ধৰম মেৰী মা (১৯৭৬) (হিন্দী)
      ভূমিকা: সংগীত পৰিচালক
      টোকা:হিন্দী ভাষাত নিৰ্মিত অৰুণাচল প্ৰদেশৰ প্ৰথমখন বোলছবি, য’ত প্ৰতিফলিত হৈছিল অৰুণাচলৰ সংস্কৃতি, সাধাৰণ জনজীৱন । এই বোলছবিখনৰ এটি আটাইতকৈ উল্লেখযোগ্য দিশ হ’ল হাজৰিকাদেৱে কন্ঠদান কৰা তথা তেখেতৰ দ্বাৰাই ৰচিত অৰুণাচল হ’মাৰা গীতটি । সময়ৰ লগে লগে এই গীতটি এখন বোলছবিৰ গীতৰ পৰা ৰাজ্যিক গীতলৈ পৰিবৰ্তন হ’ল।
    14. স্বীকাৰোক্তি (১৯৮৬)
      ভূমিকা: সংগীত পৰিচালক
    15. এক পল (১৯৮৬) (হিন্দী)
      ভূমিকা: সংগীত পৰিচালক
    16. ৰুদালী (১৯৯৩) (হিন্দী)
      ভূমিকা: সংগীত পৰিচালক
      টোকা: এই ছবিৰ সংগীতত তেওঁক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে।
    17. দৰ্মিয়া (১৯৯৭) (হিন্দী)
      ভূমিকা: সংগীত ব্যৱস্থাপনা
    18. চাজ (১৯৯৮) (হিন্দী)
      ভূমিকা: সংগীত ব্যৱস্থাপনা
    19. গজগামিনী (২০০৩) (হিন্দী)
      ভূমিকা: সংগীত পৰিচালক
    20. ডামন: এ ভিকটিম অৱ মেৰিটেল ভায়’লেঞ্চ (২০০১) (হিন্দী)
      ভূমিকা: সংগীত ব্যৱস্থাপনা
    21. কিঁ‌উ? (২০০৩) (হিন্দী)
      ভূমিকা: সংগীত ব্যৱস্থাপনা
    22. চিংগাৰী (২০০৬) (হিন্দী)
      ভূমিকা: কথাছবিখনৰ কাহিনী হাজৰিকাদেৱৰ এটি গল্পৰ পৰা লোৱা হৈছিল।
    23. গান্ধী টু হিটলাৰ (২০১১) (হিন্দী)
      টোকা: মহাত্মা গান্ধীৰ প্ৰিয় ‘বৈষ্ণৱ জন’ ভজনটি এই কথাছবিখনৰ বাবে গাইছিল ভূপেন হাজৰিকাদেৱে । তেখেতৰ অন্তিম ৰেকৰ্ডিঙসমূহ অন্যতম আছিল এই গীতটি ।
  • বি.দ্ৰ.ইয়াৰোপৰি হাজৰিকাদেৱ জড়িত হৈ থকা আৰু কিছু কথাছবি আছে যদিও আমাৰ আলোচনাৰ সীমাবদ্ধতাৰ বাবে উল্লেখ কৰিব পৰা নগ’ল।
  • ড° ভূপেন হাজৰিকাই লাভ কৰা বঁটাসমূহ

    1. ১৯৫৫: অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (শ্ৰেষ্ঠ সংগীত পৰিচালক)
      – অসমীয়া চলচ্চিত্ৰ পিয়লী ফুকনৰ সংগীতৰ বাবে।
    2. ১৯৬০: অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা (শ্ৰেষ্ঠ সংগীত পৰিচালক)
      শকুন্তলা চলচ্চিত্ৰৰ বাবে।
    3. ১৯৭৫: পদ্মশ্ৰী
      – ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান, অসমীয়া সংস্কৃতিৰ প্ৰচাৰৰ বাবে।
    4. ১৯৭৭: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (শ্ৰেষ্ঠ সংগীত পৰিচালক)
      – অসমীয়া চলচ্চিত্ৰ চামেলী মেমচাহেবৰ বাবে।
    5. ১৯৭৯: সংগীত নাটক একাডেমি বঁটা
      – ভাৰতৰ সৰ্বোচ্চ সঙ্গীত সন্মান, অসমীয়া লোকসংগীতৰ উন্নয়নৰ বাবে।
    6. ১৯৮৭: অসম ৰত্ন
      – অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান, অসমীয়া সংস্কৃতিত তাৰ অবদানৰ স্বীকৃতি।
    7. ১৯৯২: দাদাচাহেব ফাল্কে বঁটা (জীৱনজোৰা সাধনা)
      – ভাৰতীয় চলচ্চিত্ৰলৈ অবদানৰ বাবে, অসমীয়া চলচ্চিত্ৰকো ইয়াত গুৰুত্ব দিয়া হৈছিল।
    8. ১৯৯৩: পদ্মভূষণ
      – ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান।
    9. ২০০১: সংগীত নাটক অকাডেমি ফেলশ্বিপ (ৰত্ন সদস্য)
      – সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান।
    10. ২০০৯: অসম সাহিত্য সভাৰ সাংস্কৃতিক বঁটা
      – অসমৰ মুখ্য সাহিত্য প্ৰতিষ্ঠানৰ পৰা সাংস্কৃতিক অবদানৰ বাবে সন্মান।
    11. ২০১১: পদ্মবিভূষণ (মৰণোত্তৰ)
      – ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান, মৃত্যুৰ পিছত প্ৰদান কৰা হৈছিল।
    12. ২০১৯: ভাৰতৰত্ন (মৰণোত্তৰ)
      – ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান, তেওঁৰ সংগীত আৰু সাংস্কৃতিক অবদানৰ স্বীকৃতি।

     
    Scroll to Top