নিদ্ৰানৈৰ সিপাৰে

নিদ্ৰানৈৰ সিপাৰে

নি: শব্দ নীৰৱ নিশা

নিদ্ৰা নৈ বৈ বৈ, ততকে নেপায় –

পানী মেটেকাৰ দৰে, কিছু দূৰাশা কিছু নিৰাশা

ভাঁহি যায় হৈ অসহায়, মই জানো

মই তাত নাই, মই আছো নিদ্ৰানৈৰ

সিপাৰৰ,দিগ্ বলয়ৰ

আকাশৰ, দেখা -নেদেখা

তৰাবলী গ’লি গ’লি সৰি পৰিব খোজা

এটি নিয়ৰ বিন্দুত খামোচ মাৰি, উজাগৰে উজাগৰে

তলত মোৰ নিদ্ৰা নৈ, বৈ বৈ

ততকে নেপায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top