নেলাগে সমাজ

নেলাগে সমাজ
নেলাগে নেলাগে সময় দেখুওৱা ঘড়ী
সময় এবাৰ থমকি ৰওকচোন
আমাকে সাক্ষী কৰি।
আবেলিৰ ৰামধনু থপিয়াই আনি
টুকুৰা টুকুৰ কৰি
ছটিয়াই দিম তোমাৰ গালৈ
ল’বাচোন শয্যাত পাৰি।
বিজুলীৰ একোছা আগচুলি আনি
অতি মৰমৰ এনাজৰী
মেৰিয়াই ল’ম দুয়োৰে দেহাত
আকাশেও দিব সঁহাৰি।
বাধাৰ বুৰঞ্জীৰ বহুতো পুথি
টুকুৰা টুকুৰ কৰি
দলিয়াই দিম এন্ধাৰৰ ফালে
যাব ক’ৰবালে’ উৰি।
ধুমুহাৰ নিশ্বাস ময়েই হ’লোঁ
তুমি সাগৰৰ লহৰী
নেলাগে ঊষা হওক নিশা
অন্তহীন উজাগৰী।

(ৰচনা: ১৯৬৪ চন, কলিকতা )

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top