হে বৰ বৰিবা যাই মেনকা সঙ্গে দুনী ঘট মাথাৰ
কাপোৰ গুচাই চাইলা- জোঁৱাই উলঙ্গত হে।
মাথাত আছে সৰ্পৰ ফণা অ’ এ গলে মুণ্ড মালা
কঙ্কালে বাঘৰ ছাল গাবে ভস্ম ধূলা হে।
বাইছটা ঢেঁকী ভাঙুৰাৰ অ’ এ তেইছখান কুলা
দিনে ৰাতি খুন্দি মৰে জঁইতা ভাঙৰ গুড়া হে।
হাতত আছে ডম্বৰুটো অ’ এ গাৱে ভস্ম ধূলি
চকু দুটা ডাঙাৰ ডাঙাৰ পেটটো ভাঙা দুলি হে।
জঁইতা ভাঙৰ গুড়া ভাঙুৰা এ গাল ভৰিযা খায়
ভাঙৰ জালত থাকবা নৰি ঘুটনী পাৰাক যাই হে।
আহাৰ, ঘুটনী পাৰাক যাবাক লাগি এ হকৰা ডমৰা
নেদোঁ পাৰ্বতীক বিয়া যা গুচি ভাঙুৰা হে
বৰ বৰিবা যাই মেনকা সঙ্গে দুনী ঘট।
(কামৰূপী লোকগীত)
