হে মাই যশোৱা হে

হে মাই যশোৱা হে
মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰমো নাই
এ মাই যশোৱা এ !

তোৰে ঘৰে আসি গৰু চাৰি ফুৰোঁ
কৰেকৰা ভাত খাই
মাই যশোৱা এ
মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰমো নাই
এ মাই যশোৱা এ

কাঠবাঁজী বুলি জগতে হাসয়
দেখিও সুমৰা হৰি
তোৰে ঘৰে আসি
পুত্র উপজিলোঁ
ইটো দুখ দূৰ কৰি
মাই যশোৱা এ

মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰমো নাই
এ মাই যশোৱা এ

একতোলা সোণাৰে
বাঁহী গঢ়ে নেদা
ৰাজেপটেশ্বৰী হুই
দুয়ো ওঁঠ ফাটি তেজ বৈ যাই
বাঁহৰে বাঁহী বাজন্তে মাই যশোৱা এ
মাই হেৰে যশোৱা
আমাক লাগিয়া
অলপ তোৰ মৰম নাই
হে মাই যশোৱা এ
মাই যশোৱা এ।

(বি.দ্ৰ. মুলতঃ কামৰূপী লোক গীত। “মনিৰাম দেৱান‌ (১৯৬৪ চন)” বোলছবিত উক্ত গীতটি ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিছিল।)

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top