জীৱেৰ বেউলা অ’

জীৱেৰ বেউলা অ’
অ’ মোৰ আজলী ছোৱালী
ছয় জাৰ লগত বঞ্চিবি কেনে কৰি জীৱেৰ বেউলা অ’

আগতে নাযাবি আই তই পিছতে নাযাবি।
মাজতে চলি যাবি আই তই লখাইৰ বেউলী ।।

ইফাল সিফাল কৰি আই তই বস্তুকে সলাবি।
পৰ পুৰুষক দেখি আই তই ভিৰিয়া লৰিবি ।।

বিহানে উঠিয়া আই তই কৰিবি চিলন।
গলিত দিবি গোৱৰ ভাখৰিত ৰাখিবি ধান ।।

পতি পৰম গুৰু আই তই ৰাখিবি মনত।
সর্বখিনি সপি দিবি তাহাৰে পাৱত ।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top