অ’ তই অবুজ মন

অ’ তই অবুজ মন
চেনেহৰ বাট
নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি !
অ’ তই অবুজ মন
চেনেহৰ বাট
নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি
অ’ তই অবুজ মন !
প্রেমৰ অৰ্থ দুটি মানুহ
একেটি মনৰ দুটি মানুহ ,
প্রেমৰ অৰ্থ দুটি মানুহ
একেটি মনৰ দুটি মানুহ;
দুটি মনৰ একেটি সুৰ !
এটিৰ শূন্যতা আনটোৰে পূৰ
এইষাৰ কথা পাহৰিলি !
অ’
তই অবুজ মন !
যৌৱন ফুলনিত তই
ৰোৱা পুলিতে
এপাহি ফুল
তই
ফুলালি,
নিজেই নজনাকৈ
নিজ হাতেৰে
ফুলটি পাহিবোৰ
ছিঙিলি ৷
আত্ম-অভিমান জেদ
আৰু খেদ
প্রেমৰ ৰাজ্যত
শোভা নাপায়
আত্ম-অভিমান জেদ আৰু খেদ
প্রেমৰ ৰাজ্যত
শোভা নাপায়
দুয়ো দগ্ধ হয়
আপোন দোষত
প্রতিক্ষণে দুয়ো
দুয়োকে নেপাই
এই কথা ফঁহিয়াই
নাচালি!
অ’ তই অবুজ মন
চেনেহৰ বাট নিচিনিলি
সঁচা বাট বিচাৰি
যাওঁতে চাবি যেন
নপৰ অবাটে পিছলি;
অ’ তই অবুজ মন
৷৷

ৰচনাকাল: ১৯৯০ চন, কলকাতা

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top