অ’ মোৰ প্রিয় জনগণ

অ’ মোৰ প্রিয় জনগণ
মই গাওঁ তোমাৰেই গান
অ’ মোৰ প্রিয় জনগণ
মই গাওঁ তোমাৰেই গান
কন্ঠ মোৰ আছে য’তদিন
কথা দিলোঁ মই ত’তদিন
কন্ঠ মোৰ আছে য’তদিন
কথা দিলোঁ মই ত’তদিন
গাম তোমাৰেই গান.. !
গাম তোমাৰেই গান… !
অ’ মোৰ প্রিয় জনগণ
মই গাওঁ তোমাৰেই গান ৷

সুখ দুখৰ সান্তনাৰ
বেঠাত প্রলেপ কিছু দিয়াত
সুখ দুখৰ সান্তনাৰ
বেঠাত প্রলেপ কিছু দিয়াত
যেন এই গান মোৰ
হয় সঞ্জীৱনি
হতাশাৰ হওঁক অৱসান
হতাশাৰ হওঁক অৱসান
অ’ মোৰ প্রিয় জনগণ
মই গাওঁ তোমাৰেই গান ৷

মানৱতা ….. !

মানৱতা মোৰ প্রিয় বিষয়
ভাৱিলেও খুউব আনন্দ হয় !
মানৱতা মোৰ প্রিয় বিষয়
ভাৱিলেও খুউব আনন্দ হয় !
যেন ওৰেটি জীৱন
গাই মানুহৰ গান
মানুহক দিওঁ সন্মান !
মানুহক দিওঁ সন্মান !
অ’ মোৰ প্রিয় জনগণ
মই গাওঁ তোমাৰেই গান
কন্ঠ মোৰ আছে য’তদিন
কথা দিলোঁ মই ত’তদিন
কন্ঠ মোৰ আছে য’তদিন
কথা দিলোঁ মই ত’তদিন
গাম তোমাৰেই গান
গাম তোমাৰেই গান ..!
অ’ মোৰ প্রিয় জনগণ
মই গাওঁ তোমাৰেই গান
অ’ মোৰ প্রিয় জনগণ
মই গাওঁ তোমাৰেই গান ৷

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top