অ’ মোৰ মলুৱা ৰে
অ’ মোৰ, মলুৱা ৰে
মোৰে মলুৱাক কোনে মাৰিলা হায় অ’
হায় মোৰ মলুৱা ৰে ৷
কি এ, বিয়া বিয়া কৰে তাই
হায় অ’ হৰি
অ’ বিয়া নকৰালোঁ মই
হায় অ’ হৰি
অ’ বিয়া বিয়া কৰে তাই
হায় অ’ হৰি
অ’ বিয়া নকৰালোঁ মই
হায় অ’ হৰি
অ’ বিয়াৰো খৰচ-পাতি নাই মোৰ মলুৱা ৰে
অ’ বিয়াৰো খৰচ-পাতি নাই মোৰ মলুৱা ৰে
হেই মোৰে মলুৱাক কোনে মাৰিলা হায় অ’
হায় মোৰ মলুৱা ৰে ৷
কি এ.. ঘৰ ঘৰ কৰে তাই
হায় অ’ হৰি
এ ঘৰো নাসাজিলো মই
হায় অ’ হৰি
এ ঘৰ ঘৰ কৰে তাই
হায় অ’ হৰি
ঘৰো নাসাজিলো মই
হায় অ’ হৰি
অ’ ঘৰ সাজিবৰ নাই মাটি মোৰ মলুৱা ৰে
অ’ ঘৰ সাজিবৰ নাই মাটি মোৰ মলুৱা ৰে
হেই মোৰে মলুৱাক কোনে মাৰিলা হায় অ’
হায় মোৰ মলুৱা ৰে ৷
কি এ, উৰো উৰো কৰে তাই
হায় অ’ হৰি
উৰাৰ জাহাজ ক’তে পাওঁ
হায় অ’ হৰি
এ উৰো উৰো কৰে তাই
হায় অ’ হৰি
এ উৰাৰ জাহাজ ক’তে পাওঁ
হায় অ’ হৰি
অ’ উৰি গ’লে কাৰ মুখচাবা মোৰ মলুৱা ৰে
অ’ উৰি গ’লে কাৰ মুখচাবা মোৰ মলুৱা ৰে
হেই মোৰে মলুৱাক কোনে মাৰিলা হায় অ’
হায় মোৰ মলুৱা ৰে ৷৷
কথাছবি:চিকমিক বিজুলী
কণ্ঠ:দিলীপ শৰ্মা,ৰত্ন ওজা; সংগীত:ড° ভূপেন হাজৰিকা
(বি.দ্ৰ.: মুখ্যত: এইটো এটি লোকগীত, বিভিন্ন সময়ত বিভিন্ন ৰূপত পৰিবেশিত হৈছে।)
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨