অ’ মোৰ মলুৱা ৰে
মোৰে মলুৱা
কোনে মাৰিলা
হায় অ’
হায় মোৰ মলুৱা ৰে
যঁতৰ যঁতৰ কৰে তাই
হায় অ’ হৰি !
যঁতৰ আনি দিলো মই
হায় অ’ হৰি !
অ’ যঁতৰত ধৰি ধৰি
কান্দে মোৰ মলুৱা ৰে
মোৰে মলুৱা
কোনে মাৰিলা
হায় অ’
হায় মোৰ মলুৱা ৰে
অ’ মোৰ মলুৱা ৰে .. !
অ’ মোৰ মলুৱা ৰে .. !
ছবি: সতী বেউলা (১৯৫৪)
কন্ঠ: ভূপেন হাজৰিকা
(বি.দ্ৰ.: মুখ্যত: এইটো এটি লোকগীত, বিভিন্ন সময়ত বিভিন্ন ৰূপত পৰিবেশিত হৈছে।)
