কন্ঠ: ভূপেন হাজৰিকা আৰু হাচিনা হাজৰিকা
গীতৰ কথা: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
অ’…অ’….গুৰু মোৰ শংকৰ…
তৰিবৰে কিনো উপায়…
অ’…অ’….গুৰু মোৰ শংকৰ…
তৰিবৰে কিনো উপায়…
অ’….গুৰু অ’ …
ভাটিলৈ যাবলৈ শ্ৰীশংকৰ গুৰু অ’
বালিতে বান্ধিলা পঁজা
হে ৰাম ৰাম.. বালিতে বান্ধিলা পঁজা..!
ছকুৰি ভকতে চাপৰি ধৰিছে
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা
হে’ ৰাম ৰাম.. আপুনি লগাইছে ঘোষা..!
অ’…গুৰু অ’ …
নাও শিমলুৱা, বঠা শিমলুৱা অ’
আৰু শিমলুৱা চৈ,
হে’ ৰাম ৰাম.. আৰু শিমলুৱা চৈ..!
চৈৰে ভিতৰে গুৰুজন বহিছে
চৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতক লৈ,
হে’ ৰাম ৰাম… ছকুৰি ভকতক লৈ.. !
অ’…গুৰু অ’ …
সেই নাওখনিতে শিলে ভৰা দিলা
অ’ নাও বুৰোঁ বুৰোঁ কৰে,
হে’ ৰাম ৰাম… নাও বুৰোঁ বুৰোঁ কৰে !
নাও বুৰা দেখি শ্ৰীশংকৰগুৰু
আপুনি কান্ধ পাতি ধৰে,
হে ৰাম ৰাম .. আপুনি কান্ধে পাতি ধৰে..!
অ’…গুৰু অ’ …
মাজ সাগৰতে একেডাল বিৰিখ অ’
মাজ সাগৰতে একেডাল বিৰিখ অ’
তাতে নানান পখীৰ ছায়া,
হে’ ৰাম ৰাম… তাতে নানান পখীৰ ছায়া.. !
ৰজনী পোহালে দশোদিশে গ’লে
এৰিলে বিৰিখৰ মায়া,
হে’ ৰাম ৰাম.. এৰিলে বিৰিখৰ মায়া..!
অ’…গুৰু অ’ …
অ’…গুৰু মোৰ শংকৰ
তৰিবৰে কিনো উপায়…।।
