অ’ গুৰু মোৰ শংকৰ

নাৰী: অ’…….
দুয়ো: গুৰু মোৰ শংকৰ
তৰিব এটি মুৰ পাৰ
ভূ:হা: অ’…….
দুয়ো: গুৰু মোৰ শংকৰ
তৰিব এটি মুৰ পাৰ
ভূ:হা: অ’ গুৰু অ’…..
দুয়ো: ভাটিলৈ যাবলৈ
তিৰি শংকৰ গুৰু অ’…
বালিতে বান্ধিলা পঁজা !
হে ৰাম ৰাম
বালিতে বান্ধিলা পঁজা

ভূ:হা: ছকুৰি ভকতে
চাপৰি ধৰিছে
ছকুৰি ভকতে
চাপৰি ধৰিছে
নাৰী: আপুনি লগাইছে ঘোষা
দুয়ো: হে ৰাম ৰাম
আপুনি লগাইছে ঘোষা
নাৰী: অ’ গুৰু অ’…..
নাওঁ শিমলুৱা
বঁঠা শিমলুৱা
আৰু শিমলুৱা চৈ
দুয়ো: হে ৰাম ৰাম
আৰু শিমলুৱা চৈ
ভূ:হা: চৈৰে ভিতৰে
গুৰুজন বহিছে
চৈৰে ভিতৰে
গুৰুজন বহিছে
নাৰী: ছকুৰি ভকতক লৈ
দুয়ো: হে ৰাম ৰাম
ছকুৰি ভকতক লৈ

ভূ:হা: অ’ গুৰু অ’…..
সেই নাওঁখনিতে
শিলে ভৰা দিলা
নাৰী: অ’….
নাওঁ বুৰো বুৰো কৰে !
হে ৰাম ৰাম
নাওঁ বুৰো বুৰো কৰে
দুয়ো: নাওঁ বুৰা দেখি
তিৰি শংকৰ গুৰু
আপুনি কান্ধ পাতি ধৰে
নাৰী: অ’ গুৰু
দুয়ো: আপুনি কান্ধ পাতি ধৰে
ভূ:হা: অ’ গুৰু অ’…..
মাজ সাগৰতে
একেডাল বিৰিখ হৈ… অ’
দুয়ো: মাজ সাগৰতে
একেডাল বিৰিখ হৈ… অ’
নাৰী: তাতে না নাম কুকিল ছাঁয়া
দুয়ো: হে ৰাম ৰাম
তাতে না নাম কুকিল ছাঁয়া
ভূ:হা: ৰজনী বহালে
দশোদিশে ঘূৰে
নাৰী: এৰিলে বিৰিখৰ মায়া
দুয়ো: হে ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া
দুয়ো: অ’…….
গুৰু মোৰ শংকৰ
তৰিব এটি মুৰ পাৰ ৷৷

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top