মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা
মোক এজন ক’লা মানুহ দিয়া
যাৰ ৰক্ত ক’লা
যদি দিব পাৰা প্ৰতিদান যি বিচৰা
হওক অমূল্য পাব পাৰা
মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা
মোক এজন ক’লা মানুহ দিয়া
যাৰ ৰক্ত ক’লা
যদি দিব পাৰা প্ৰতিদান যি বিচৰা
হওক অমূল্য পাব পাৰা ।
উত্তৰৰ পৰা দক্ষিন মেৰুত
যত মানুহ আছে যত মানুহ আছে
পূৰ্ব্বৰ পৰা পশ্চিম প্ৰান্তত
যত মানুহ আছে যত মানুহ আছে
একে তেজ মঙহে গঢ়া
প্ৰেম প্ৰীতিৰে হৃদয় ভৰা
একে তেজ মঙহে গঢ়া
প্ৰেম প্ৰীতিৰে হৃদয় ভৰা
সেই মানুহক কিয় তুমি ভিন্ন কৰা
ভেদাভেদ সৃষ্টি কৰা
মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা
মোক এজন ক’লা মানুহ দিয়া
যাৰ ৰক্ত ক’লা
যদি দিব পাৰা প্ৰতিদান যি বিচৰা
হওক অমূল্য পাব পাৰা ।
জন্মৰ পৰা তুমি মৃত্যুলৈ
তুমি হিচাপ কৰা তুমি হিচাপ কৰা
এই পৃথিৱীৰ ধৰ্ম যত
তুমি বিচাৰ কৰা তুমি বিচাৰ কৰা
দেখিবা তাত একেই কথা
উৰ্ধত আছে মানবতা
দেখিবা তাত একেই কথা
উৰ্ধত আছে মানবতা
সেইকথাকে ভাবি তুমি গৌৰব কৰা
তেনে কিয় যুদ্ধ কৰা
মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা
মোক এজন ক’লা মানুহ দিয়া
যাৰ ৰক্ত ক’লা
যদি দিব পাৰা প্ৰতিদান যি বিচৰা
হওক অমূল্য পাব পাৰা ।
এই পৃথিৱী হয় নিকৃষ্ট
স্ৰষ্টা বিনে স্ৰষ্টা বিনে
একে সূৰ্য্যৰ জেউতিতে
দৃষ্টি ভৰে দৃষ্টি ভৰে
একে মেঘৰ বৃষ্টিতে বিশ্বপতিৰ সৃষ্টিতে
একে মেঘৰ বৃষ্টিতে বিশ্বপতিৰ সৃষ্টিতে
সকলোৱে জীয়াই আছো যদি ভাবা
তেনে কিয় গৰ্ব কৰা
মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা
মোক এজন ক’লা মানুহ দিয়া
যাৰ ৰক্ত ক’লা
যদি দিব পাৰা প্ৰতিদান যি বিচৰা
হওক অমূল্য পাব পাৰা ।।
