কথা- দেৱজিৎ খনিকৰ :: সুৰ- ৰসানন্দ গগৈ
একেই আকাশ,
একেই মাটি,
একেই মেঘৰ বৃষ্টি ;
একেই ভোক,
একেই পিয়াহ,
একেই দুখৰ চকুপানী
পৰিচয় আমাৰ মানৱ-জাতি !
আঁহ ফালি ফালি ভাগ নকৰিবি,
পৃথিৱীক এখন গাঁও কৰচোন আজি ;
খিয়লা-খিয়লীত শান্তি হেৰায়
হত-আহত হয় সম্প্রীতি,
কোন দূৰাচাৰী সুযোগ বিচাৰি
ভৰিৰে গৰকিছে দেশ-স্বজাতি !
অসম আমাৰ জন্মভূমি
জননী আমাৰ আই অসমী ।
শান্তিৰ অসম বিচৰা
মহামিলনৰ সেতু বন্ধা
আমি অসমীয়া পৃথিৱী-বলিয়া !
পাহাৰ ভৈয়ামৰ ভাই-ভনী লগ লাগি
উদাত্ত কণ্ঠে কচোন এবাৰ আজি
ভাল লাগে সেউজীয়া হ’লে পৃথিৱী,
ভাল লাগে মানৱতা হ’লে সাৰথি,
পৃথিৱীক এখন গাঁও কৰচোন আজি
পৰিচয় আমাৰ মানৱ-জাতি ।।
সুধাকন্ঠৰ অন্তিমটো বাণীবদ্ধ গীত (২০১০ চনৰ ১১ নবেম্বৰ)
