(কেতিয়াবা প্রেয়সীয়ে প্রিয়জনক সোঁৱৰাই দিবলগীয়া হয় এই বুলি- মোৰ দুচকুত চকু ৰাখি কোঁৱাচোন , মনৰ বীনা বাজিছেনে ? মনত পৰিছেনে ?)
ভালকে’ পুনৰ চোৱা এবাৰ
কোৱাঁচোন চিনিব পাৰিছাঁনে ?
মোৰ দুচকু চকু ৰাখি কোৱাঁ
মনৰ বীণা বাজিছেনে ?
সোণালী আবেলি গছৰ ছাঁত
মুখামুখি বহি নীল গধূলিত
কতনা গীত শুনাইছিলাঁ
কোৱাঁচোন মনত পৰিছেনে ?
অ’ পটভূমিকাত সুনীলাচল
নাগৰিকজনে হাঁহে জল্ মল্
প্রেমৰ গীত কোনেনো শুনাব
মই আজি দেখোঁ শুনাব
মই আজি দেখোঁ তুমিহীনা৷৷