ভাবিছিলো তুমি হাত মেলিলেই
বিশাল আকাশ পাবা;
হয়তো তুমি পোৱা নোপোৱাৰ
দোমোজাত পৰি ৰ’বা ৷
পায়ো হেৰুওৱাৰ অনুভুতিখিনি
কলিজাত সাঁচি থ’বা
সোঁৱৰণী মোৰ যিকণ পালা
তাকেই সাৱটি লʼবা ৷
সেই সোঁৱৰণী বুকুতেই তুমি
গুপুতেই সাঁচি থবা।।
তৰু-তৃণে হাঁহি, নাচিছিলে কত
সেউজ সাজেৰে সাজি
তৰু-তৃণে জানো সলাব বাগৰ
নঙঠা ডালেৰে আজি
শুকান নদীৰ শুনি হাহাকাৰ
ডাৱৰে উঠিব গাজি
সেমেকা চকুত অশ্রু নমাব
অতীতৰ সুৰ বাজি ৷
সেই সুৰধ্বনি, মৌনতাৰেই
বুকুতেই সাঁচি থ’বা ৷
জীৱন এটি সাঁথৰ মাথোঁ
অৰ্থ ভঙাহে টান
হাঁহিব খুজিলেই কিহবাই যেন
ত্রাসতে কঁপায় প্রাণ ৷
কতনো অ-প্রকাশিত
বেদনাৰ আহে বান
বানৰ জোৱাৰে ছিঙি-ভাঙি নিয়ে
যত মান-অভিমান
অভিমানখিনি অভিনয়ৰেই
লুকুৱাই তুমি থ’বা ৷৷
মানা বা নেমানা কিছু কথা যেন
হঠাতেই ঘটি যায়
নেমানো বুলিও নোৱাৰা থাকিব
তুমি যেন নিৰুপায়
প্রতিদিনে কত ঘটনা ঘটে
অচিন আঘাত পায় ৷
সময়ৰ এটি গুণ আছে
ই আঘাত শুকুৱায় ৷
ধৈৰ্য্যখিনি নিৰ্ভীকভাৱেই
বুকুতেই পুহি থ’বা ৷
ৰচনা কাল : ১৯৮৬