অলৌগুটি তলৌগুটি
কোন ক’ত লটি-ঘটি
কচুপাতত লাই
যি হাতে আঙঠি নাই
সেই হাতে কেনেকৈ পায় … ঐ ৰাম
সেই হাতে কেনেকৈ পায় ?
ৰৌ, কুঢ়ি, চেনিপুঠি
চিতলৰে কলঠি
লগতে শাক লফা লাই
কি ক’ত বিচাৰি গৈ
কোনে হাবাথুৰি খায় .. ঐ ৰাম
কোনে হাবাথুৰি খায় ?
কোন মৎস্যকন্যা এহি … ঐ ৰাম
আঙঠি হেৰুৱালে ….. ঐ ৰাম
পানী তুলিবলৈ গৈ ….. ঐ ৰাম
পানী তুলিবলৈ গৈ
চিক্ মিক্ আঙঠি … ঐ ৰাম
দৰিদ্রজনৰে …… ঐ ৰাম
গৃহ উজলালে গৈ .. ঐ ৰাম
গৃহ উজলালে গৈ ৷
কোন ক’ত আছাঁ
সোণৰে সদাগৰ ?
দৰদাম কৰাঁহি চাই
সোণাৰি শালতে বহি
শিলৰে পাটতে ঘঁহি
সোণৰে আঙঠি কিনা
নেপাবা দুনাই ৷৷
(কথাছবি : শকুন্তলা, ১৯৬১ চন )