অ’বোৱাৰী

অ’
বোৱাৰী
তামোল এখন খুন্দা লগত দিবা অলপ চূণ,
অ’
বোৱাৰী
তামোল এখন খুন্দা লগত দিবা অলপ চূণ,
হালোৱা নাহিলে পথাৰলৈ যাব কোন?
হালোৱা নাহিলে পথাৰলৈ যাব কোন?
ক’লা ধপাতেৰে
তামোল পকতিয়াই
হালেইনো বাওঁ পথাৰত
হালেইনো বাওঁ পথাৰত গৈ|
অ’
বোৱাৰী
পথাৰলৈ গ’লে কোনেনো
ভাত দিব বাৰু সোধ?
অ’ বোৱাৰী
পথাৰলৈ গ’লে কোনেনো
ভাত দিব বাৰু সোধ?
পথাৰলৈ গ’লে কোনেনো
ভাত দিব বাৰু সোধ?
মুহুদি তামোলখন কৈছে খুন্দিবলৈ তোক
মুহুদি তামোলখন কৈছে খুন্দিবলৈ তোক;
পেটৰে ভোকতে মৰিব কুমটি
বুঢ়ীজনীয়ে নাৰোন্ধোঁ,
বুঢ়ীজনীয়ে নাৰান্ধোঁ বোলে|
অ’
বোৱাৰী পথাৰলৈ গ’লে
নিবা
পানী দিয়া পইতা ভাত,

অ’বোৱাৰী পথাৰলৈ গ’লে
নিবা

পানী দিয়া পইতা ভাত;
আছে যদি দিবা আলুৰ লগত পুৰা মাছ,
আছে যদি দিবা আলুৰ লগত পুৰা মাছ,
এ খৰিছা তেঙাৰে আলু পিটিকাৰে
খামে নো মই মজাকৈ,
খামে নো মই মজাকৈ ভাত|
অ’
বোৱাৰী ৰান্ধিব
লাগিব
বুঢ়ীজনী এহে’
গৰম ভাত,
অ’
বোৱাৰী ৰান্ধিব
লাগিব
বুঢ়ীজনী এহে’
গৰম ভাত,
পইতা ভাতে খালে উঠিব জ্বৰ বুঢ়াৰ গাত,
পইতা ভাতে খালে উঠিব জ্বৰ বুঢ়াৰ গাত,
বৰষুণত তিতি ঠেৰেঙা লাগিব
কোনে হেকি দিব নো,
কোনে হেকি দিব নো তোক?
অ’
বোৱাৰী
তামোল এখন খুন্দা লগত দিবা অলপ চূণ,
অ’ বোৱাৰী
তামোল এখন খুন্দা লগত দিবা অলপ চূণ;
হালোৱা নাহিলে পথাৰলৈ যাব কোন?
হালোৱা নাহিলে পথাৰলৈ যাব কোন?
ক’লা ধপাতেৰে
তামোল পকতিয়াই
হালেনো বাওঁ পথাৰত

হালেনো বাওঁ পথাৰত গৈ|
হালেনো বাওঁ পথাৰত
হালেনো বাওঁ পথাৰত গৈ|
হালেনো বাওঁ পথাৰত
হালেনো বাওঁ পথাৰত গৈ|

 
Scroll to Top