আই তোক কিহেৰে পূজিমে

আই তোক কিহেৰে পূজিমে

আই তোৰ চৰণে দুখানি

আই অ’ কিহেৰে পূজিমে তোক

আই অ’ জীৱন দি পূজিমে তোক



আই তোৰ মৰমী কোলাতে 

আই মই জনমে লভিলোঁ

আই তোৰ কিহেৰে শুজিমে ধাৰ

আই অ’ জীৱন দি সুজিমে ধাৰ


আই অ’ আই

শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে

খেলিলোঁ কতনা খেলা

আই তোৰ মৰমবোৰ নিগৰি

আই অ’ লুইত হৈ বাগৰে

আই অ’ শান্তি সাগৰলে বুলি

আই অ’ মহামিলনলে বুলি

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top