আহিছো বৈৰাগী এন্ধাৰ বাটত

Lyrics : পাৰ্বতী প্ৰসাদ বৰুৱা

আহিছো বৈৰাগী এন্ধাৰ বাটত জীৱনৰ জোৰলৈ …

চিৰ ভেদ্য মহা ৰহস্য সমূখত আছে  ৰৈ

দুৰণিৰ সৌউ ক’লা যবনীকা

তাৰ  সিপাৰত আছে কিনো লিখা ?

কোনে জানে তাৰ সন্ধান ?

আজি কোনে মোক দিব কৈ ,

আহিছো বৈৰাগী এন্ধাৰ বাটত জীৱনৰ জোৰলৈ ..

সিপাৰত সৌউ  নিৰৱতা ভৰা গভীৰ এন্ধাৰ ঘোৰ ..

তাৰ তলিতেই আছে হেনো সোণৰ সোলেং বোৰ

সোনৰ সোলেং , সুখৰ সপোন, চৰম প্ৰানৰ হেপাহঁ গোপন 

তাকেই বিছাৰি আহিছো বৈৰাগী জ্বলাই বুকুৰ জোৰ

সিপাৰত সৌউ ভৰা নিৰৱতা …. এন্ধাৰ গভীৰ ঘোৰ ….

মহা জীৱনৰ বন্তি জ্বলিছে …  চৌদিশ উজ্বলাই …

দুৰণিৰ পৰা এফেৰি আভাস মাথো দেখিবলৈ পাই …..

জীৱনৰ চগা উৰা মাৰি যায়….

জীৱনৰ চগা উৰা মাৰি যায় ধৰো ধৰো কৰে বিছাৰি নাপায় …

যিমানেই যায় কাষচাপি তাৰ  সিমানেই আতৰি যায়…

মহা জীৱনৰ বন্তি জ্বলিছে  চৌদিশ উজ্বলাই …

দুৰণিৰৰ সেই ছাঁ পোহৰৰ  সপোন মাধূৰী চাই ….

দুৰণিৰৰ সেই ছাঁ পোহৰৰ  সপোন মাধূৰী চাই

মৰতৰ জীৱ হাবাথুৰী খাই বাট কুৰী বাই যায় ….

ক’ত বলীয়াই অনাই বনাই সপোন দেখাৰ বাতৰি জনাই ..

ফাগুন দিনত লিহিৰী বনত মিলন ৰাগীনি গাই,

দুৰণিৰৰ সেই ছাঁ পোহৰৰ  সপোন মাধূৰী চাই

ক’ত সন্ধানী জেউতী বিছাৰি ফুৰে সংশয় ছেদি

ক’ত ৰহস্য বনাই ফুৰিছে  ছাঁ জুই খেদি খেদি ..

দেখি জীৱনৰ গতিৰ সপোন

ওপৰে উৰিছে তাৰকা তপন 

পাষাণ হিয়াত নিজৰি জৰিছে গিৰি কন্দৰ ভেদি

ক’ত সন্ধানী জেউতী বিছাৰি ফুৰে সংশয় ছেদি

হয়টো সপোন সম্ফল হ’ব মায়াৰ কুৱলী যাব …

সপোনত যাক বিছাৰি ফুৰিছে দিঠকত দেখা পাব …. .

সপোন দেখাতে সিজিল কৰ্ম …

সপোন দেখাতে সিজিব কৰ্ম

এয়ে সপোনৰ গুপুত মৰ্ম ..

বীণ বৈৰাগীৰ জীৱনৰ শেষত বীণৰ প্ৰান্তি পাব …

হয়টো সপোন সম্ফল হ’ব

মায়াৰ কুৱলী যাব …

হয়টো সপোন সম্ফল হ’ব

মায়াৰ কুৱলী যাব …

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top