অ’ কানাই পাৰ কৰা হে বেলিৰ পৰিল ছায়া,
নষ্ট হৈল দুধেৰ ভাণ্ডাৰ বাজাৰ গৈল বইয়া।
কাঠৰে দেশতে থাকা অ’ কাঠৰ কিবা দুখ,
ভাঙা নৌকাত পাৰ কৰি কিবা পাৱা সুখ।
ভাঙা নহয় ছিঙা নহয় গামেৰীৰ সাৰ,
হস্তী ঘোঁৰা পাৰ কৰা ৰাধাৰ কিমান ভাৰ।
অন্য লোকক পাৰ কৰিলা অ’ লৈয়া আনা আনা,
আমাৰ ৰাধাক পাৰ কৰিলা লৈয়া কাণৰ সোণা।
( কামৰূপী লোকগীত)
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨