বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গ’ল

বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গ’ল
পাতে সমনীয়া দেশৰ নেতা ৰজা হ’ল

কথাঃ

তেতিয়া কি হ’ল?
বিহুৰে বিৰিণা পাতে হে
নয়া পইচা ওলাই গ’ল
বিহুৰে বিৰিণা পাতে হে
ষোল অনা লুকাই গ’ল
বিহুৰে বিৰিণা পাতে হে
এশ পইচাই এটকা হ’ল।

চেনাই দিযে গ’লা মইনা মোৰ কলিজা চেনেহৰ টোপোলা মইনা মোৰ কলিজা

মইনাজান মইনাজান তোমাৰে ঐ বেজাৰত মইনাজান মইনাজান জাঁজী নৈত পৰিম গৈ মইনাজান মইনাজান সোঁতে মোক উটুৱাই নিব মইনাজান মইনাজান মাংস গেলি যাব মইনাজান মইনাজান হাড়ও পচি যাব মইনাজান মইনাজান মাছেনো কুটি কুটি খাব।

কুলি কেতেকী সৰু ভনীটি
তোমালোকৰ ঘৰলৈ
সদায় যাব পাৰোঁ মই
যদি দিয়া মৰমৰ মাত
মই যোৱা দেখিলে
তোমাৰ মাৰ বাপেৰে
দিয়ে মুৰে কপালে হাত।
বাৰীৰে ঢাপৰে
এজাৰ মোৰ চেনাই
বাৰীৰে ঢাপৰে এজাৰ
চেঙেলীয়া কালতে
পীৰিতি এৰিলা
মনত দি গ’লা বেজাৰ।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top