কাহিনী এটি লিখাঁ

কাহিনী এটি লিখাঁ সেৱাৰ বিষয়ে
কৈছিলোঁ বহু বহু বাৰ বন্ধু লিখক, তুমি নুশুনিলা দেখুৱালা মাথোঁ অহঙ্কাৰ।

সঁচা নায়ক বিচাৰি বিচাৰি
তাহানি যে আহিছিলা লৱৰি
মইও দেখোন মানৱ ইতিহাসৰ কথা কলোঁ নিজকে পাহৰি।

তেতিয়াতো তুমি লিখি গ’লা
মিছা কথা মিছা নায়কৰ বন্ধু লিখক তোমাৰ লিখাখিনি মিছা কথা মিছা কল্পনাৰ!

যি কাহিনী তুমি নিলিখিলা
তাক ইতিহাসত সময়ে লিখিলে
মোৰেই মাজত সহস্ৰ মানৱৰ যুঁজৰ জোৱাৰ
তুমি নেদেখিলা নিজৰি কাপ নিজৰি নিজৰি

(আজি) তোমাৰ ভাষাও পৰিলে ভাগৰি
ময়ো আজি ক্ষণ ক্ষতি কৰি
নেযাও আৰু তোমাকে বিচাৰি নেযাওঁ আৰু শত কাবৌ কৰি কবলৈ এটি বাৰ।

বন্ধু লিখক তোমাৰ লিখাখিনি মিছা কথা মিছা কল্পনাৰ!

স্থান: কলিকতা, ২ জুলাই, ১৯৬৪

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top