চৰাই চিকুণ অ’ লীলা ৰহিলা

চৰাই চিকুণ অ’ লীলা ৰহিলা
তেলীয়া সাৰেঙ অ’ লীলা ৰহিলা
মাছৰ চিকুণ মালি লীলা ৰহিলা
আকৌ এদিন আহিলা

আহিযে গ’লা গৈ
দিলা তামোল এখনি
খালা তামোল এখনি
লগালা লগালা এষাৰি মাত।

ল’ল’ লতি লতি তিল, ল’ল’ লতি লতি তিল
লতি তিল, লতি তিল, লতি তিল

ইমান ধুনীয়াকৈ কোনে সৰজিলে
সোণ ৰূপৰ বৰণে কৰি
এ আমাক সৰজিলে কণাজন বিধাতাই
গুহাৰ মাটি মিহলি কৰি
হে ধিন্দাও কুৰুলি কোবাওঁ বিহু মাৰিবলৈ যাওঁ
হে ধিন্দাও কুৰুলি কোবাওঁ মথুৰা হাটলৈ যাওঁ?
ৰৈযা পাতি দৈযা চাৰিঙৰ বেঙেনাভাতে ৰান্ধি খাই যাওঁ

ৰৈয়া ৰৈ নাচিলে নাচনী নাচিলে ৰৈয়া ৰে
আয়ৈ দেহি কলাফুলৰ গোটে দেখি
ৰাইজাই ৰাইজাই কৰে দেহি
তোমাকনো মই কাহানি পাম?

কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠা এঠা দৈ
মিঠা মিঠা তিলৰ পিঠা দেহাটি মোৰ চেনাই ঐ
অসমীৰে বিহুটি ঐ
বাপতি যে সাহোন ঐ
আমাৰ অতি আপোন ঐ।

হায় ঐ বিহুটিনো আদৰৰ
বিহুটিনো সাদৰৰ
বিহুটিনো অসমৰ মান।

হায় ঐ এনুবানো বিহুটি এৰিব যে লাগিলে
নাথাকেনো অসমৰ ধন।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top