অ’ মোৰ মৰমৰ নতুন পুৰুষ

অ’ মোৰ মৰমৰ নতুন পুৰুষ
অ’ মোৰ মৰমৰ নতুন পুৰুষ
যদি নোপোৱাখিনিক বিচাৰিলেই
যদি নোপোৱাখিনিক বিচাৰিলেই
বিপ্লব হয়
তুমি থমকি নৰবা
তুমি থমকি নৰবা
অ’ মোৰ মৰমৰ নতুন পুৰুষ
অ’ মোৰ মৰমৰ নতুন পুৰুষ
…..
শোষিত জনৰ মুকুতিৰ বাবে
শোষিত জনৰ মুকুতিৰ বাবে
যদি শোষকৰ দল তুমি
নিজ হাতে নাশিব লাগে
নিজ হাতে নাশিব লাগে
তুমি হাতত অস্ত্ৰ তুলি লবা
তুমি হাতত অস্ত্ৰ তুলি লবা
অ’ মোৰ মৰমৰ নতুন পুৰুষ
অ’ মোৰ মৰমৰ নতুন পুৰুষ
……
গাৱৰ পথাৰখনিত যদি
গাৱৰ পথাৰখনিত যদি
কাকতি ফৰিং পৰেহি আহি
তেজাল জুইৰে তুমি
তেজাল জুইৰে তুমি
সিহঁতক পুৰি পেলাবা
সিহঁতক পুৰি পেলাবা
অ’ মোৰ মৰমৰ নতুন পুৰুষ

অ’ মোৰ মৰমৰ নতুন পুৰুষ
অ’ বন্ধু তুমি সোণালী প্ৰভাতৰ
সাহসৰ নতুন সূৰ্য্য তোমাক
ৰুধিব কোনে তোমাক
ৰুধিব কোনে তোমাক
ৰুধিব কোনে

তুমি জয়ৰ ইতিহাস ৰচিবা
তুমি জয়ৰ ইতিহাস ৰচিবা
অ’ মোৰ মৰমৰ নতুন পুৰুষ
অ’ মোৰ মৰমৰ নতুন পুৰুষ
যদি নোপোৱাখিনিক বিচাৰিলেই
যদি নোপোৱাখিনিক বিচাৰিলেই
বিপ্লব হয়
তুমি থমকি নৰবা
তুমি থমকি নৰবা
তুমি থমকি নৰবা

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top