অʼ জোনালী দীপান্বিতা


অʼ জোনালী দীপান্বিতা
দীপান্বিতা দীপান্বিতা।
ঘিট্‌মিটীয়া এন্ধাৰ কাতিৰ ৰাতি
চিকমিকীয়া জ্বলি উঠে চাকি
উজ্বলিল সোণৰে মাটি।।

জ্বলে ঘৰে ঘৰে প্ৰদীপ শিখা
মঙ্গল উৰুলি আৰতি
দেৱশিশু সৱে উমলিছে
পোহৰ দলিচা পাৰি।।

দীপান্বিতা দুদিনীয়া
আহিব বা এছাটি,
আনিব পৃথিৱীৰ সমুখলৈ
পুনৰ এন্ধাৰ মাতি।

এই পৃথিৱীৰ শত জনতাৰ
দুখৰে এন্ধাৰ নাশি
সুন্দৰ পূজাৰী উজ্বলোৱা
বুকুৰ তেজেৰে চাকি
সাম্যৰ দীপালী পাতি।

ৰচনা কাল :-১৯৪৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top