অʼ তুমি জোন নে সোণ নে শিখা



অʼ তুমি জোন নে সোণ নে শিখা ?
অʼ মোৰ এটি নাম যৌৱনৰ তৃষা।
কথা : সাগৰৰ পাৰ।
অʼ সাগৰৰ পাৰে পাৰে বাট
নিশা তুমি মই বহি আছোঁ তাত
তুমি হʼলা লাহৰী, সাগৰৰে লহৰী
সৌৱা চোৱাঁ, আঁজলিবোৰ
কিয় হয় বাউলি
(আমি) একে হোৱা দেখি
লহৰ লেখি লেখি
সাগৰে হেৰুৱালে যে ভাষা।।

অʼ আজি জোনাকৰে জিল্‌মিলীয়া নিশা,
মোৰে বঢ়ালাঁ যে জীৱন লালসা।
দুচকুতে মৰমৰে আভাস
চেনেহৰে অপৰূপ প্ৰকাশ
নকৰিবা ভয় নাই সংশয়
আছে মিথোঁ মিলনৰে আশা।।

সুগন্ধী সনা কেশ

কি মিঠা আৱেশ
তোমাৰ বুকুখন আকাশ যেন এখন
সেই আকাশৰে গাত বিশাল তুলাপাত
প্ৰেমেৰে তাত ইতিহাস লিখা।।

 

ৰচনা কাল :-১৯৭৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top