অʼ জীৱন ডিঙা বাই থাকা



অʼ জীৱন ডিঙা বাই থাকা, বান্ধ হেʼ।
গুম্‌ গুম্‌ গুম্‌ গুম্‌ মেঘে গৰজিলে
হুম্‌ হুম্‌ হুম্‌ হুম্‌ ধুমুহা আহিলে।
জীৱন ডিঙা বাই থাকা,
জীৱন ডিঙা বাই থাকা, বান্ধ হেʼ।
গভীৰ নদীত কুম্ভীৰ আছে, — আছে বন্ধু আছে
কুম্বীৰৰো মৰণ আছে, — আছে বন্ধু আছে
বাহুত তোমাৰ বল আছে
হেজাৰ হাতীৰ সাহ আছে
ভয় সঙ্কোচ এৰা বান্ধ হে!
এ কলিজা কঁপোৱা চাকনৈয়া — তাতে কিনো হʼল?
মাজ পানীত নাও ভাগে চোঁৱা — এহে তাতে কিনো হʼল?
এ বঠা দেখোঁ ভাগে — হে হাত কʼলৈ গʼল ?
পাল দেখোঁ চিৰে — হে বুকু কʼলৈ গʼল ?
কান্দোন এৰি হাঁহি থাকা বান্ধ হে।

ৰচনা কাল :- ১৯৫৬

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top