সময়ৰ গাত আজি

সময়ৰ গাত আজি গনতান্ত্ৰিক তেজৰ কলঙ্ক

উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ

শুনো এইখন মানুহৰ দেশ,

মানৱী বেশেৰে দানৱী মনেৰে

মৃত মানৱতাৰ দেশ,

মোৰ আই অ’ মৃত মানৱতাৰ দেশ

এইখন মানুহৰ দেশ,

মানৱী বেশেৰে দানৱী মনেৰে

মৃত মানৱতাৰ দেশ

মোৰ আই অ’ মৃত মানৱতাৰ দেশ

শুকুলা সাজেৰে নেতা বহু ওলালে

ৰাইজৰ সেৱা চুৰ কৰি

ৰাইজৰ সেৱা চুৰ কৰি

স্বাধীনতাৰ স্বাদ কতনো লভিলো

আৰুনো কিমান বাট চাবি!!

মোৰ আই অ’ আৰুনো কিমান বাট চাবি!!

এইখন মানুহৰ দেশ

ফুলিং চাপৰিতে সহোদৰ জনকে

সহোদৰে নিচিনিলে

হায় বেলশৰতো ভাই

সুভাষৰ শোণিতে মানৱতা ধুই নিলে

দেৱমন্দিৰতো মানুহৰ তেজেই

শতিকাৰ ইতিহাস লিখে

শতিকাৰ ইতিহাস লিখে

এইখন মানুহৰ দেশ

মানৱী বেশেৰে দানৱী মনেৰে

মৃত মানৱতাৰ দেশ

মোৰ আই অ’ মৃত মানৱতাৰ দেশ

অ’মোৰ দেশৰ মানুহ…

মানুহৰ কাৰনেই মানুহৰ প্ৰয়োজন

কিয় তাকো পাহৰিব খোঁজা

গীতৰ ভাষাৰে মই বহু সঁকিয়ালো

তাক গীত বুলিয়েই মাঁথো ল’লা

আৰু এতিয়াও জানো স্বজনৰ তেজেৰেই

স্বদেশ সেমেকাই তুলিবা

বিভেদৰ ৰাজনীতি চকুৰ আগত লৈ

জানো দৰ্শক হৈয়ে ৰবা

বৰ্ণৰ সীমা ভাঙি

মানৱী মৰম ঢালি

নিজৰেই দেশ নগঢ়িবা

অ’ মোৰ দেশৰ মানুহ,

অ’ মোৰ দেশৰ মানুহ …..

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top