পথিক :
অ’ বান্ধ ….
অ’ সিপাৰৰ বান্ধ,
শু… না ..
এন্ধাৰ ইটো পাৰ …
কাল ধুমুহাই
ঢাকে আকাশ
কৰাঁচোন সিপাৰ
কৰাঁচোন সিপাৰ ৷
নাৱৰীয়া:
মেঘ বৰষুণ নেউচি মই
তোমাক কৰিম পাৰ
পিচে,
সিপাৰ এৰি
কিহৰ আশাত
মানি ল’লা হাৰ?
মেঘ মৰষুণ নেউচি মই
তোমাক কৰিম পাৰ !
পথিক:
ব’ঠা ভাগে
কাঠো পচা …. !
ব’ঠা ভাগে
কাঠো পচা ..
শিমলুৰে নাও ….
জীৱনৰে সোঁত নেজানো
জীৱনৰে সোঁত নেজানো
আৰু পানীৰ ভাওঁ
মোক কৰাঁচোন
সিপাৰ … !
নাৱৰীয়া :
ইপাৰে আনিলো বাৰু
এৰি সিটো পাৰ
এৰা পাৰ সুঁৱৰি যদি
কৰাঁ হাহাকাৰ,
ইপাৰে আনিলো বাৰু
এৰি সিটো পাৰ
পথিক :
নেলাগে নেলাগে মোক…
নেলাগে নেলাগে
মোক…
মায়া ইপাৰৰ…..
বিচাৰিছোঁ মোহময়ী
বিচাৰিছোঁ মোহময়ী
কায়া সিপাৰৰ..
মোক কৰাচোন সিপাৰ ..৷
নাৱৰীয়া :
সিপাৰ পালে ইপাৰ লাগে
অনন্ত পিয়াস
ইপাৰ-সিপাৰ অহা-যোৱা
চক্র অভিলাস
সিপাৰ পালে ইপাৰ
লাগে
অনন্ত পিয়াস
পথিক :-
সিপাৰ পালে ইপাৰ লাগে
(অ’ বান্ধ’
…
আলাপ)
অনন্ত পিয়াস
( অ’ সীপাৰৰ বান্ধ’
…
আলাপ)
সিপাৰ পালে ইপাৰ
লাগে
( শুনা… )
অনন্ত পিয়াস ( এন্ধাৰ ইটো পাৰ … )
(কাল ধুমুহাই )
(ঢাকে আকাশ )
(কৰাঁচোন সিপাৰ )
কৰাঁচোন সিপাৰ .. !)
[পথিক= মান্না দে, নাৱৰীয়া= ভূপেন হাজৰিকা]
কথাছবি: অপৰূপা
ৰচনাকাল: ১৯৮২ চন )