অʼ বান্ধৈ তাঁতৰ শালৰ

অʼ বান্ধৈ তাঁতৰ শালৰ শিপিনী
অʼ বান্ধৈ ৰাধা নে অʼ ৰুক্মিণী
অʼ বান্ধৈ বিজুলিৰে চাৱনি
দেখি মনে ৰাইজাই কৰে।।

অʼ বান্ধৈ হোজা-চহা ডেকা মই
ৰʼদত ঘামো-জামো ঐ
অʼ বান্ধৈ সজাওঁ-পৰাওঁ পথাৰ
মনে মোৰ কইনা বিচাৰে।।

অʼ বান্ধৈ সোণ খটোৱা ঢোলবিৰি
অʼ বান্ধৈ মিনা কৰা জোনবিৰি
অʼ বান্ধৈ যাচিব যে নোৱাৰোঁ
মনে মোৰ কেনেবা কৰে।।

অʼ বান্ধৈ একঠা যে আছে মাটি
অʼ বান্ধৈ তাকে ৰাখিম সাবটি
অʼ বান্ধৈ সঁপি দিম জীৱনটি
কেৱে আৰু কাঢ়িব নোৱাৰে।।

অʼ বোলোঁ শিপিনীয়ে চাইছে
অʼ বোলোঁ মিচিক্-মাচাক্ হাঁহিছে
অʼ বোলোঁ মোকে হেনো বৰিব
কʼলে মোক চকুৰে ঠাৰেৰে।।

ৰচনা কাল :- ১৯৫৪

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top