অʼ ভাৰতীৰে! অʼ পৃথিৱীৰে!
স্বাধীনচিতীয়া দল
ভাৰতী স্বাধীন হʼল।
ঘিট্মিট্ এন্ধাৰ কংকালসাৰ
অতীত অন্ত হʼল।
অতীত নাশি নৱ জেউতি
জিল্মিলায় জল্মল্।।
অগ্ৰদূত সৱে যাম আগুৱাই
তৰংগ সম কৰি কলকল
পৃথিৱীৰ প্ৰগতিৰ হকে আমি
পান কৰি দুখ হলাহল।
সাম্যৰ মন্থন পাতিব লাগিব
চূৰ্ণ কৰি শোষণ অনল
মুমূৰ্ষু জনতাই নৱ চেতনাত
তোলক আনন্দৰ কোলাহল।
ভাৰতীৰ দৃষ্টি ভাৰতীৰ কৃষ্টি
সকলো মহীয়ান হʼল
মহা মানৱৰ মহা বাণীয়েই
যাচে নিতে মহাবল।
চিক্মিক্ হাতীপটি বিপ্লৱী বাটটি
সন্মুখত পৰি ৰʼল।
কৰাঁ অভিযান মহা অভিযানৰ
জ্যোতিৰ সৃষ্টি অবিৰল
ৰূপ সৃষ্টি অবিৰল।
ৰচনা কাল : ১৯৪৮
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨