মৌন মোৰ ৰুগীয়া মাই


মৌন মোৰ ৰুগীয়া মাই মৰণৰ ক্ষণ গণিছে
শয্যাপাশত মোক দেখি আজি, শেঁতা হাঁহি এটি হাঁহিছে।
দেহাত মাৰ শকতি নাই, মুখতো নুফুটে ভাষা
বৰ মইনাক কাষতে দেখি, বহু যেন পালে আশা
নীৰৱ অশ্ৰুৰ ভাষাৰেই আজি, কিবা কʼব খুজিছে


শান্তিপ্ৰিয়া আছি মা, শান্তিবিহীনা হʼল
তাহানিৰ সেই লাৱনী মুখনিৰ, ৰহণ কেনিবা গʼল।
মা আৰু মোৰ মাজত কিয়, কালমৃত্যুৱে নাচিছে ..


গৰ্ভদায়িনী, জীৱনদায়িনী মা মোৰ মৰমৰ
তথাপি একোকে কৰিব নোৱাৰোঁ, আমি অসহায় বৰ
জীৱনে যেন মৰণৰ সʼতে শেষ সংগ্ৰাম কৰিছে ..


আজি মা যেন মোৰেই শিশু, ময়ে যেন নিৰাপত্তা
মাতৃ-পুত্ৰ দুয়োৰে যেন, একে হʼব খোজে একে সত্তা।
মোৰ বাহুতেই মাই যেন আজি স্নিগ্ধ শান্তি লভিছে ..


মৌন নিশা, মৌন ক্ষণ, মৌন আৰ্তনাদ
মা মৌন, মৌন মই, মন জগত বিষাদ
আত্মাই যেন পৰমাত্মাত বিলীন হʼব খুজিছে ..


কত প্ৰেয়সী আহিল-গʼল, কত তোষামোদকাৰী
কত শতৰুৱে বন্ধু ৰূপেৰে, জোকাৰিলে তৰবাৰী।
মাৰ দৰে জানো প্ৰাণৰ বন্ধু, এই পৃথিৱীত আছে


মাই সৰুতে শিকোৱা গীত, ময়ে এফাঁকি গাওঁ
তাকে শুনি মা নিদ্ৰা গʼলে, মুখনি ভালকে চাওঁ।
এই জীৱনত মাই মোৰ গীত, শেষবাৰলৈ শুনিছে ..


দূৰ-দূৰণিৰপৰা আহি মই, মাৰ হাতখন পিহিছোঁ
মোৰ চকুলোৰে মাৰ কপালত, মৰমৰ ৰেখা আঁকিছোঁ।
মাৰ অশ্ৰুৰ আশিষধাৰা, মোৰ গালে-মুখে লাগিছে


দেহাৰ মোহ এৰি মাই যেন, মুক্তিৰ দয়া মাগিছে ..
মৌন মোৰ ৰুগীয়া মাই, মৰণৰ ক্ষণ গণিছে
শয্যাপাশত মোক দেখি আজি, শেঁতা হাঁহি এটা হাঁহিছে।
তেৱেঁই মোৰ মা।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top