নেলাগে সমাজ, নেলাগে নেলাগে

নেলাগে সমাজ, নেলাগে নেলাগে
সময় দেখুওৱা ঘড়ী
সময় এবাৰ থমকি ৰওকচোন
আমাকে সাক্ষী কৰি।


আবেলিৰ ৰামধেনু থপিয়াই আনি
টুকুৰা টুকুৰ কৰি
ছটিয়াই দিম তোমাৰ গালৈ
ল’বাচোন শয্যাত পৰি।


বিজুলীৰ একোচা আগচুলি আনি
অতি মৰমৰ এনাজৰী
মেৰিয়াই ল’ম দুয়োৰে দেহাত
আকাশেও দিব সঁহাৰি।


বাধাব বুৰঞ্জী বহুতো পুথি
টুকুৰা টুকুৰ কৰি
দলিয়াই দিম এন্ধাৰৰ ফালে
যাব ক’ৰবালৈ উৰি।


ধুমুহাৰ নিশ্বাস ময়েই হলোঁ
জ্বলাই সাগৰ লহৰী
নেলাগে উষা হওক নিশা অন্তহীন উজাগৰী।

 ৰচনা কাল : ১৯৬৪

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top