বিজুলীৰ পোহৰ মোৰ নাই

বিজুলীৰ পোহৰ মোৰ নাই
(তথাপি) এন্ধাৰে মোলৈ ৰʼ লাগি চায়।।

সমাজৰ নাটঘৰ,
তেনেই উদং হয়
আমাৰ ৰূপেৰে পঁজাত
হাঁহিৰ পোহৰ যদিহে নেপায়।।

কোনোবা কাহানি ৰচিব কাহিনী
আমাৰ চকুলো লৈ
তাৰো যে থিতাপি নাই
আজৰি নাই, আহৰিও নাই।।

নিশাচৰ পিশাচৰ, মুখা খুলি যায়
আমাৰ ৰূপৰে উমৰ
ওঁঠৰ উমৰ পৰশন পাই।।

ৰচনা কাল : ১৯৬৯

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top