বিমূৰ্ত মোৰ নিশাতি যেন

বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
এখনি নীলা চাদৰ..
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ।

 কামনাৰে তেজ ৰঙা
আজিৰ গভীৰ গৰ্ভতে
নীৰৱ মৰম বাৰিষাৰ
বহুতো শাওণ ভাদৰ
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্।
এখনি নীলা চাদৰ ।

 বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ
 সৰি পৰে প্ৰত্যাশিত
অস্ফুট এক প্ৰতিধ্ৱনি
সাদৰী মাতৰ
তাইৰ সাদৰী মাতৰ
পৰিধিবিহীন সংগমমুখী
নিৰ্মল দুটি ওঁঠ
কম্পন-কাতৰ
কম্পন-কাতৰ।

নিয়ম ভঙাৰ
নিয়ম ইযে
নিয়ম ভঙাৰ নিয়ম ই যে
নিয়মাকাঙ্ক্ষী বাটৰ
নিয়মাকাঙক্ষী বাটৰ
কোমল আঘাত প্ৰতি আঘাত
কোমল আঘাত প্ৰতি আঘাত
নীলা নিশাৰ নাটৰ ।

দূৰৈৰ আৰ্তনাদৰ নদীৰ
ক্ৰন্দন কোনো ঘাটৰ
ভ্ৰুক্ষেপ নাই
লভিছোঁ মই
আলিংগনৰ সাদৰ
আলিংগনৰ সাদৰ
 তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ।

বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ । 

ৰচনা কাল : ১৯৭১

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top