ফুট গধূলিতে


ফুট গধূলিতে কপিলী খুঁটিত
কোন গোৰ্খালী গাভৰুৰে গাইজনী হেৰাল।
গাইজনীনো কেনে
তুলনা যে নাই
হেনো সেই চাপৰিত
তাইৰ মান গাখীৰতী নাই।।

কাঞ্চীয়ে ৰিঙিয়াই– অʼ বগী গাই,
অʼ লছ্মী গাই
এʼ তুমি দেখোন নহিলে ব্যৱসায়ো নাই।
সেই মিঠা মাতৰ চিঞৰে কপিলী কঁপায়।।
(তাইৰ) ৰূপতীৰ্থৰ যাত্ৰী এজন মাথোন আছে
গাঁও তাৰ ক্ষেত্ৰী, সি নলবাহাদুৰ ছেত্ৰী
গাই বিচৰাৰ চলে, মনৰ মৰম যাচে
(সেই) মৰম দেখি কাঞ্চীজনী ৰঙা পৰি যায়।।

নল-খাগৰিৰ মাজতে সি
গাই বিচাৰি পালে
গাই বিচাৰি পাই তাইক গাইজনী দিলে
সেয়ে গাইজনীয়েও আনন্দতে গোধূলি উৰায়।।

ৰচনা কাল : ১৯৫৫

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top