পীৰিতি নামৰে তিনিটি আখৰে

পীৰিতি নামৰে তিনিটি আখৰে
কোনে কাটি গʼলে শিলত
নজহে নপমে মৰিচা নপৰে
জিলিকে বুকুৱা বিলত।


লুইতৰ বালি তিয়াব নোৱাৰি
নিজৰাই নিতিয়াই মানে
ভূটীয়া চাঙৰে ধুনীয়া গাভৰু
মনত পৰে ঘনে ঘনে।
কʼমগৈ কোনটো কালত
কোনে কাটি গলে শিলত।


আবেলি বেলিকা বানে বৰষুণে
সাতো সাগৰৰে ৰেৱা
আৰু কি নোৱাৰোঁ
কʼবকে নোৱাৰোঁ
দিলো ফুল সাগৰৰ সেৱা
পৰিলোঁ ফুলৰে জালত
কোনে কাটি গʼলে শিলত।


মন যেন এজোপা শুকান শিমলু
আকাশলে আছোঁ চাই
বুকুতে কোমলকৈ
কমোৱা তুলাবোৰ কʼৰবালৈ উৰি গুচি যায়
হাঁহি নাই উৰুঙা মনত
কোনে কাটি গʼলে শিলত।

নৰায়ো কান্দিলে তৰায়ো কান্দিলে
নদীয়ে এৰিলে কূল
পাহাৰে ভৈয়ামে কিহৰ ৰোল উঠিছে
মিলনৰ নুবুজে মোল
বা নাইকিয়া বতাহ নাইকিয়া
ফুলনি খনে-খনায়
ফুল বুলি মাথোঁ ভুল বুটলিলো
পাহি সৰি সৰি যায়
কুলিয়ে নেমাতে ডালত
কোনে কাটি গʼলে শিলত।


ৰৈনো ৰৈ বিনালে পাহাৰৰে জিলি
এৰাগছে পৰি পৰি
কাহানি জুৰামে ভুলকে শুধৰাই
ছিগিযোৱা এনাজৰী
চিঞঁৰে কোনেনো মেঘত
কোনে কাটি গʼলে শিলত।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top