মদাৰৰে ফুল হেনো

মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিচে ব’হাগতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ।

কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে
লাগে পিচে সমাজতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ।

 মদাৰ গছত বগোৱা পাণ
 খাবলৈহে ভাল  — ভাল
ঊর্দ্ধমুখী পাণলতাৰ
 প্রতিজ্ঞাহে ভাল — ভাল
পাণ হৈ মদাৰতে
বগোৱাজনহে ভাল — ভাল
কাঁইটতে বুকুৰে তেজ
 ঢলাজনহে ভাল — ভাল।
 
মদাৰৰে জুই শিখা বিচৰাজনকে
ব’হাগতে মই আজি যাম পূজিবলেʼ
 সঁচা সৰু মানুহ যদি
 ৰঙা মদাৰ হয়
মদাৰৰে শিখা যদি
হাতে হাতে লয়
তেতিয়াহে সমাজ-আকাশ জ্যোতিৰে ভৰিব
জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলেʼ।।

 মদাৰ নেলাগে পূজাত
 কাৰ পূজা সেয়া ?
তেনে পূজা নেচাওঁ আমি
 সেই সবাহ বেয়া।
 
তেনে পূজাত লাগে মিছা কাগজৰে ফুল
তাতে কতই মানৱতা  যায় বেচিবলে’।

 যাৰ পূজাত নৰ মাংস সেৰ
 জোখে কিনে
কিনি তাতে গোলাপৰে
 আতৰ কিছু সানে।
 
যাৰ পূজাত মিছা-গৰল মোনে মোনে আহে
মাটিৰ জীৱন-অমৃতেৰে যাৰ ৰাহি নাহে।
তেনে লোকক কাঁইটৰে শয্যা পাতি দিয়া
দি মদাৰ জুইৰে জ্বলোৱা মানুহ কৰিবলে।
কোনোবাই মোক হেনো মদাৰৰে ৰিজালে
আমাৰ দৰে লোক হেনো কামে-কাজে নেলাগে।

ৰচনা কাল : ১৯৬৪

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top