নতুন নাগিনী তুমি

নতুন নাগিনী তুমি,
কাল নাগিনী
তোমাক ভুলাবলৈ কিমাননো পৰ?
নীলা গৰল পিয়া,
মই নীলকণ্ঠ
অলিয়া বলিয়া মই যাদুকৰ।


সূৰুযৰ স্পৰ্শই ঢুকিকে নোপোৱা,
শতাব্দীৰ আন্ধাৰে কলিজা কঁপোৱা,
অৰণ্য ভাঙিলোঁ কত গুহা দেখিলোঁ
মই কত দেশ বিদেশৰ সৰ্পিনী বশিলোঁ
তোমাক ভুলাবলৈ কিমাননো পৰ?

নীলা গৰল পিয়া,
মই নীলকণ্ঠ
অলিয়া বলিয়া মই যাদুকৰ।

তুমি নাহিবা,
তুমি নাহিবা
মোৰ আশে-পাশে তুমি নাহিবা
মোৰ সুৰৰ মন্ত্ৰ আছে, নাহিবা
মোৰ বশীকৰণ আছে, নাহিবা
মোৰ অহঙ্কাৰো আছে, নাহিবা

মোৰ প্ৰখৰ দৃষ্টি আছে, নাহিবা
 তুমি নাহিবা
তুমি নাহিবা
তুমি আহিলা….
স্বপ্ন প্ৰাপ্ত মই মন্ত্ৰ মাৰিলোঁ
বিশাক্ত মৃত্যুৰ বিষকোষ কাঢ়িলোঁ
মৃত্যু বিজয়ী মই তোমাকে বশিলোঁ
আজি তোমাৰ অলংকাৰ
ডিঙিত পিন্ধিলোঁ,
তোমাক ভুলাবলৈ কিমাননো পৰ

নীলা গৰল পিয়া,
মই নীলকণ্ঠ
অলিয়া বলিয়া মই যাদুকৰ।

    ৰচনাকাল : ১৯৬১

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top