মোৰ গান হওক

মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে
এক গভীৰ আস্থাৰ গান।
 
মোৰ গান হওক
কল্পনা-বিলাসৰ বিপৰীতে
এক সত্য প্ৰশস্তিৰ ধ্যান।।

 মোৰ কলাশৈলীতে মূৰ্ত্ত হওক
এক মধুৰ বৈশিষ্টৰ মান।
এই গানত জাগক জনৈক সংগ্ৰামী
সৈনিকৰ মহাপ্ৰাণ।।

 মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।।

 সমসাময়িক সংঘাত
জীৱনৰ জ্যোতিপ্ৰপাত।
তাৰেই গান হওক ধন্য
হওক সমৱেত কণ্ঠ অগণ্য।।

ধ্বংসমুখী দৃষ্টিভংগী
কিম্বা মনোমালিন্য।
সেয়া নহয় মোৰ গানৰ লক্ষ্য
লক্ষ্য শান্তি অনন্য।।

 মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।।

 মোৰ সুৰবিন্যাসত মূৰ্ত্ত হওক
অতীত বৰ্তমান
চিৰ উজ্জ্বল ভৱিষ্যতেও যেন
তাতেই কৰে নিতে স্নান।।

মোৰ গান হওক
বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে
তীব্ৰ গতিৰেই গান।।

 মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান।।
 

ৰচনা কাল : ১৯৭০

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top