জয় জয় অসমীৰ নতুন পুৰুষ জয়

জয় জয় অসমীৰ নতুন পুৰুষ
জয় জয় শ্বহীদ বাহিনী
পঁচাশীত লিখিলোঁ
ত্যাগেৰে তোমাৰ
মুক্তিৰ কাহিনী।

মহাভাৰতৰ মহা অংগ
অসমী আই আমাৰ
কʼত সন্তানৰ
শোণিত ঢালে
নোপোৱাঁ তুলনা তুমি তাৰ।

বহ্নিমান এই ব্ৰহ্মপুত্ৰ
নৈ উপনৈ আৰু
পাহাৰ-ভৈয়ামৰ
মাচিলাঁ চকুপানী
পঁচাশীত লিখিলাঁ
সাহেৰে তোমাৰ
মুক্তিৰ কাহিনী।

জাতি ধৰ্ম ভাষা নিৰ্বিশেষে
বৈধ শত নাগৰিক
শোষণবিহীন
মহামন্ত্ৰে ৰচা
আঁচনি আৰ্থ সামাজিক।

জনগণে একতাৰে
পাতে সভাসদ
ৰাজসভাত বিৰাজিলে
ছাত্ৰ পৰিষদ!

উচ্চাৰি উদাৰ বাণী
পঁচাশীত লিখিলাঁ
সাহেৰে তোমাৰ
মুক্তিৰ কাহিনী।

সংকীৰ্ণতাৰ বিপৰীতে
জীৱন বুৰঞ্জী পঢ়া
শঙ্কৰ, আজান, জ্যোতি, বিষ্ণুৰ
সপোন দিঠক কৰা।

শতাব্দী একবিংশ আহে
প্ৰগতিক তীব্ৰ কৰাঁ
‘কৰ্মই ধৰ্ম’ কৰি হুংকাৰ
লুইত পাৰ পোহৰ কৰাঁ।

অসমী আইক মোৰ সজাই তোলাঁ
কৰি শান্তি সমন্বয়া ৰাণী
পঁচাশীত লিখিলাঁ
তেজেৰে তোমাৰ
মুক্তিৰ কাহিনী।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top