জয় জয় নৱজাত বাংলা দেশ


জয় জয় নৱজাত বাংলা দেশ
জয় জয় মুক্তি বাহিনী।
ভাৰতীয় সৈন্যৰ সʼতে ৰচিলাঁ
মৈত্ৰীৰ কাহিনী।।

ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতা
বিভেদকামী শক্তিৰ সলনি
গংগা পদ্মাৰ একতা।।

সামন্ততন্ত্ৰৰ বিপৰীতে
এক নতুন প্ৰজাতন্ত্ৰ।
সমৰতন্ত্ৰৰ সলনি
এক অভিনৱ সমাজতন্ত্ৰ।।

স্থাপনা কৰি ৰক্তেৰে লিখিলাঁ শ্বেখ মুজিবুৰৰ বাণী।
জয় জয় নৱজাত বাংলাদেশ, জয় জয় মুক্তি বাহিনী।।

ৰাৱালপিণ্ডিৰ অন্ধকূপত, মুজিবুৰে নকৰিলে সন্ধি।
শেল হানিলেও নিদিয়ে বচন, কি কৰিব কৰি তেওঁক বন্দী।।

য়াহায়া ভূট্টো শেখ চাহাবৰ হʼব পাৰে জানো প্ৰতিদ্বন্দ্বী!
সিংহই জানো ভাল পাব পাৰে বাৰু ধূৰ্ত শিয়ালৰ ফন্দী।।

জুলফিকৰে আজি মুজিবুৰক, দিব লগা হৈছে মুক্তি।
ৰণ-দানৱে জানো বাধা দিব পাৰে বিশ্ব-বিবকৰ যুক্তি।।

নাপাক চয়তানে হালাল কৰা, দহ লাখ নৰ-নাৰীৰ আত্মা।
হʼল আজি শক্তি, গ্ৰাস কৰিবলৈ জংগীশ্বাহীৰ সত্তা।।

আজি পাখতুন বালুচিয়ে, কিজানি ৰাঙলী কৰে
সিন্ধু নদীৰো পানী।
জয় জয় নৱজাত বাংলা দেশ, জয় জয় মুক্তি বাহিনী।।

আমাৰ ভাৰত কিছু মাটি নহয় নহয় এক মানচিত্ৰ।
নহয় ভাৰত বিশেষ এখন শাস্ত্ৰৰ কিছুমান সূত্ৰ।।

আমাৰ ভাৰত এক প্ৰচণ্ড শক্তিৰে মেলি থোৱা জাগ্ৰত নেত্ৰ।
লক্ষ্য মাথোঁ ন্যায় মিত্ৰতা নিবিচাৰে ই পৰৰাষ্ট্ৰ।।

বিশাল ভল্গা, গংগা-পদ্মাৰ পাৰ ভাগি একে হʼল পানী।
জয় জয় নৱজাত বাংলা দেশ, জয় জয় মুক্তি বাহিনী।
ভাৰতীয় সৈন্যৰ সʼতে ৰচিলাঁ মৈত্ৰীৰ কাহিনী।।

ৰচনা কাল : ১৯৭১

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top