কুঁৱলী, কি ৰগৰ কৰিলি

কুঁৱলী কুঁৱলী কি ৰগৰ কৰিলি?
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি ।

পাহৰণি কুঁৱলী
নিৰৱ সিপাৰে
পৰি আছো
একাধিক শতাব্দী ধৰি,
পৰি আছো।
 
কুঁৱলী কুঁৱলী কি সপোন ভাঙিলি
অতীতৰ কাৰোবাৰ নূপুৰ শুনিলি ।

অন্ধযুগৰ মকৰাৰ পুৰণি জালৰ
বন্দিনী মই
অদেখা অজানা অশৰীৰী
পৰি আছো
উচুপিছো
পৰি আছো।

বৰ্তমান তই তৃষ্ণাৰ্ত
অতীতক হঠাতে
কিয় তই জগালি।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top