চিয়াঙৰে গালং লৌহিতৰে খামটি
টিৰাপৰে ৱাংঞ্চুৱে মোক কিয় মাতিছে ?
অসমীৰে পদূলিত উদুলি যে মুদুলি
মৰম চেনেহৰে হাট বহিছে।
আপাটানী ভনিটীক ধৰিলোঁ সাৱটি
পেছৰূপে নিলে মোক আথে-বেথে মাতি,
ক’লে আজি কিয় ৰঙৰে চকুলো সৰিছে ?
অ’ পাহাৰৰে তলিতে ভৈয়ামৰে সীমাতে
চিনাকি চিনাকি কি সবাহ বহিছে ?
মনপা ককাইটিক ধৰিলোঁ সাৱটি
বিনিময়ত তেওঁ দিলে বুদ্ধৰে মুৰুতি,
ক’লে যুগ যুগৰ মিতিৰালিৰ ধ্বজা উৰিছে।
অ’ বহুদিনে নেদেখা পদম ইদু নক্টেই
আহ বুলি হিয়াৰে আপং যাঁচিছে।
একতাৰে বেহা কৰি ভাবিলো ওভতো
উভতিয়ে চাই দেখো আহিছে সিহঁটো
ৰিঙিয়াই ক’লে মোক কিছুবেলি ৰ’বি
উভতি গৈ তই অসমীকে ক’বি,
আজি পাহাৰে ভৈয়ামৰে কলিজা চিনিছে।
অ’ চৰ্দুপ পেনাৰ টান্ছাই অকা আৰু বড়িয়ে
চেনেহ এনাজৰীৰে বাটি কাঢ়িছে,
চিয়াঙৰে গালং লৌহিতৰে খামটি আৰু
টিৰাপৰে ৱাংছুৱে মোক কিয় মাতিছে ?
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨