উৰ্‌ উৰ্‌ শান্তিৰ

উৰ্‌ উৰ্‌ শান্তিৰ পখীটি
উৰ্‌ উৰ্‌ শান্তিৰ পখীটি।

এই আকাশ, এই ভূমি
নকৰিবি মৰুভূমি
বিষৰ ধোঁৱাৰে এন্ধাৰ।
এই মানুহ, এই প্ৰদেশ
এই দেশ, এই স্বদেশ
শোষণমুক্ত কৰ্‌ এইবাৰ।


ৰংমন ৰঙিলী শুন্‌
তহঁতৰ বহুতো গুণ
মুঠিত বহু অধিকাৰ।
 

নগৰীক নকৰিবি কাৰাগাৰ
গাওঁ যেন নহয় ছাৰখাৰ
খোলা ৰাখ্‌ আশাৰ দুৱাৰ।


আবাল-বৃদ্ধ-অবলা নাৰী
সিহঁতক দে আশাৰ তৰী
পায় যেন সিহঁতে পাৰ।
জীৱন নৈৰ পাৰে পাৰে
গঢ় মথাউৰি দুৰ্নিবাৰ।
 

শেষ কৰ্‌ মৃত্যু-আশঙ্কা
জীৱনলৈ আন অনুকম্পা
বজা শান্তিৰ জয়ডঙ্কা
ভাঙি দে ক্ৰোধৰ কাৰাগাৰ।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top