উদং উদং গা

উদং উদং গা
কোন ডেকাৰে গা
সুঠাম হাতে পথাৰ চহাই
হাল বাইছে চা।।
সুঠাম হাতে পথাৰ চহাই
হাল বাইছে চা।।

ৰং লৈ সি খেলে
সৰিয়হৰ হালধীয়া ৰঙত লুকাই খেলে।
কৃষ্ণচূড়াৰ কলিটি মোৰ
খোপাটিলৈ চা।।


মুগা পলু উম দি সি
নিশাটো কটায়,
পুৱাই উঠি দিখৌখন
সাঁতুৰি পাৰ হয়,
অʼ সাঁতুৰি পাৰ হয়।।

জীৱন লৈ সি খেলে
যদি লাগে দেশৰ হকে
মৰণ লৈও খেলে
শৰতৰে শেৱালি মোৰ
শিৰত ঢালে চা।।
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top