উজাই বুৰে দিলে

উজাই বুৰে দিলে শিহু কি ঘঁৰিয়াল
ভটিয়াই বুৰিলে মাছে ।
অসমীৰ মুখতে হাঁহি নাইকিয়া
মাথোঁ চকু পানী মচে।
তাঁতীৰে কাপোৰে জগতখন জুৰিলে
তথাপি তাঁতীৰ গা উদি
ডা-ডাঙৰীয়াই দেশকে ঠগিলে
কৰিনো কতনা বুধি।

চাব দিয়া গাখীৰত মোলান পৰিলে
চম্পাকল মৰহি গ’ল
খেনোৱে সোণেৰে সিংহাসন সাজিছে
খেনোৱে ভোকতে, খেনোৱে শোকতে ৰ’ল।

ঐৰাৱত গোঁসাইকে মতলীয়া কৰি
খেদিলা ৰাইজৰ ফালে
অ’ বলিয়া হাতীকো বলাব পাৰোঁ যে
ৰাইজখন একগোট হ’লে।

ডা-ডাঙৰীয়াক কাবৌকৈ মাতিছোঁ
ৰাইজৰ বিলৈখন চোৱা।
ৰাইজৰ বলতে তুমি বৰ্ত্তি আছা
কেলেইনো পাহৰি যোৱা?
লুইতক ভেটাদি কিমান দিন ৰাখিবা
ভেটাকো চেৰায়ে ব’ব
কোনোবা কাহানিৰ কলীয়া এলান্ধু
ধুমুহাই সামৰি থ’ব।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top